অনুবাদৰ আৱশ্যকতা কেতিয়াৰ পৰা আৰম্ভ হৈছে এই সম্পৰ্কে নিৰ্দ্দিষ্ট দিন বা তাৰিখ উলিয়াব নোৱাৰি৷ সম্ভৱত ভাষা বিড়ম্বনাৰ পৰা বাচিবলৈ অনুবাদৰ আৱশ্যকতা অনুভৱ হৈছিল বুলি ক’ব পাৰি৷ দুজন ভিন্ন ভাষী ব্যক্তিয়ে যেতিয়া কোনো যোগাযোগ স্থাপন কৰিব নোৱাৰিছিল তেতিয়া তৃতীয় এজন ব্যক্তি যিজনে দুয়োটা ভাষা জানিছিল তেওঁক মাধ্যম হিচাপে গ্ৰহণ কৰা হৈছিল৷ এইদৰে মানুহৰ জীৱনত অনুবাদে পাতনি মেলিছিল৷